ৰাজ্যিক বাতৰি

এন এইচ পি চিৰ দুটা নিম্ন জলবিদ্যুৎ প্ৰকল্পৰ ইউনিট আৰম্ভ

Sentinel Digital Desk

ষ্টাফ ৰিপ'ৰ্টাৰ গুৱাহাটীঃ চলিত বৰ্ষৰ জুন মাহত এন এইচ পি চি (ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমে )সোৱণশিৰী নিম্ন জলবিদ্যুৎ প্ৰকল্পৰ (এছ এল এইচ পি) দুটা ইউনিট আৰম্ভ কৰাৰ সম্ভাৱনা আছে। এছ এল এইচ পিৰ আঠটা ইউনিট আছে, ২৫০ মেগাৱাটকৈ। শক্তি আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সূত্ৰৰ তথ্য অনুসৰি বাকী ছটা ইউনিটৰ কমিচনিং লক্ষ্য ২০২৪ চনৰ মাৰ্চ মাহৰ।মেগা বান্ধটোৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত ২০২২, ২০২০ চনত বান আৰু ভূমিস্খলনৰ বাবে প্ৰকল্পটোৱে নিৰ্মাণ কাৰ্য্যত আন এক বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয়। বানপানী আৰু ভূমিস্খলনৰ ফলত এন এইচ পি চিৰ মেৰামতিৰ কামত ৮০-১০০ কোটি টকা লোকচান হয়।মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ২০২২ চনৰ নৱেম্বৰ পৰ্যন্ত ১৭২৭৫.৬২ কোটি টকা ব্যয় কৰা হৈছিল।২০১১ চনৰ ডিচেম্বৰ-২০১৯ চনৰ অক্টোবৰৰ পৰা একাংশ অংশীদাৰ আৰু হেঁচা গোটৰ প্ৰতিবাদৰ বাবে প্ৰকল্পটোৰ কাম স্তব্ধ হৈ আছিল। কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ ফলতো প্ৰকল্পৰ কামত প্ৰভাৱ পৰে। ২০১৯ চনত এন জি টি (ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ)ৰ পৰা ক্লিয়াৰেন্সৰ পিছত পুনৰ কাম আৰম্ভ হয়।প্ৰকল্পটোৰ বিদ্যুৎ উৎপাদন ক্ষমতা ২০০০ মেগাৱাট।