ৰাজ্যিক বাতৰি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা

২০১৭ চনৰ পৰা ২০২১ চনলৈ মাৰ্ঘেৰিতাই গুৱাহাটীত অৱস্থিত চলচ্চিত্ৰ ষ্টুডিঅ' জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Sentinel Digital Desk

ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। এই পদত নিযুক্তি লাভ কৰি আনন্দ অনুভৱ কৰে সাংসদগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, ''মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ পদ পাই আনন্দিত অনুভৱ কৰিছো। পূৰ্বতকৈ দায়িত্ব আৰু বাঢ়িল।''

নতুন দায়িত্বৰ বাবে মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপি সভাপতি, ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলীয় কৰ্মীক ধন্যবাদ জনালে মাৰ্ঘেৰিটাই। তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে নিতৌ ১৮-২০ ঘণ্টা কাম কৰে। ময়ো সেই অনুযায়ী মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ চেষ্টা কৰিম।

বৰ্তমান, তেওঁ ৰাজ্যসভাৰ এজন সাংসদ আৰু ৩১ মাৰ্চত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৪৬ টা ভোটলাভ কৰি জয়ী হৈছিল।

মাৰ্ঘেৰিতাই ২০১৪ চনৰ পৰা অসম বিজেপিৰ মুখপাত্ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে আৰু ইয়াৰ পূৰ্বে তেওঁ ছ'চিয়েল মিডিয়া চেল, অসম বিজেপিৰ প্ৰভাৰী আৰু কামৰূপ (উত্তৰ) জিলা বিজেপিৰ জিলা প্ৰভাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।