ৰাজ্যিক বাতৰি

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গোহাঁইগাঁৱৰ সেনা চাউনীৰ বিশেষ পদক্ষেপ

Sentinel Digital Desk

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰেড হৰ্ণ ডিভীজনৰ তত্ত্বাৱধানত গোঁহাইগাঁৱৰ সেনা চাউনীয়ে কোকৰাঝাৰ জিলাৰ গোঁহাইগাঁৱৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হবৰুবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত "বায়ু প্ৰদূষণ"ক ৰোধ কৰিবলৈ বৃক্ষ ৰোপন কাৰ্যসূচী আয়োজন কৰে ৷

বৃক্ষৰোপন কাৰ্যসূচীত বহু ছাত্ৰ ছাত্ৰ আৰু শিক্ষক শিক্ষয়ত্ৰীসকলে ভাগ লয়। আৰু বিভিন্ন বৃক্ষৰ ভিতৰত প্ৰায় ৫০ বিধ গছ গছনি ৰোপন কৰে ৷ ইয়াৰ পিছতে বায়ু প্ৰদূষণ আৰু পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ সম্পৰ্কে এক আলোচনাৰ আয়োজন কৰে ৷

লগতে, আৰ্মিৰ কামাণ্ডাৰ মেজৰ প্ৰতাপ নায়াৰে ছাত্ৰ ছাত্ৰসকলক গছ গছনি তথা বন ধ্বংসৰ পৰা বিৰত থাকিবলৈ কোৱাৰ লগতে তথা বন ধ্বংসৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত হ’বলৈ নিৰ্দেশ দিয়ে ৷ লগতে উপস্থিত সকলো ছাত্ৰ ছাত্ৰীয়ে পৰিবেশ ৰক্ষা আৰু সংৰক্ষণৰ কাৰণে সংকল্প লয় ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি