ৰাজ্যিক বাতৰি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমিপৰ ৰাজাভেটা উৰনীয়া সেতুৰ শোচনীয় অৱস্থা

Sentinel Digital Desk

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমিপত থকা ৰাজাভেটা উৰনীয়া সেঁতুয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । এই দলং খনেদি পাৰ হোৱাটো লোকসকলৰ বাবে বিপদসংকুল হৈ পৰিছে ।

দলং খনৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভ হোৱাৰে পৰা নিম্ন মানদণ্ডৰ কাম হৈছে বুলি অভিযোগ উত্থাপন কৰি আহিছিল । বগীবিল দলং খনৰ উদ্বোধন কৰাৰ কেইদিনমানৰ পূৰ্বে এই দলংখনৰ মেৰামতি কৰা হয় । কাম মানদণ্ড উন্নত নোহোৱাৰ বাবে পুনৰ দলং খনৰ অবস্থা শোচনীয় হৈ পৰিছে । বৰ্তমান নলাৰ কাম চলি থকাৰ বাবে পুনৰ দলং খন মুকলি কৰি দিয়াতো বিপদজনক হব। মেৰামতিৰ কাম চলি থকাৰ কাৰণে চালক সকলেও যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।

দলং খনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অবস্থিত , সেয়েহে সকলো ধৰণৰ বাহনে এই দলং খনৰ ওপৰৰে অহা যোৱা কৰে। প্ৰত্যেক দিনাই দূৰনিবতিয়া বাহন সমূহো চলা চল কৰে এই দলং খনৰে। ডিব্ৰুগড় আৰু পাচিঘাট, ধেমাজি, লক্ষ্মিমপুৰহৈ বগীবিললৈ যোৱা হয় এই পথছোৱায়েদি ।এই দলং খনৰে যাতায়াত কৰাটো বিপদ সংকুল হৈ পৰিছে পথচাৰীৰ বাবে । সেয়েহে এই গুৰুত্বপূৰ্ণ দলং খনৰ মেৰামতি কৰিবলৈ দাবী জনাইছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি