ৰাজ্যিক বাতৰি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইকো ক্লাবৰ দ্বাৰা আৰম্ভ কৰা ছেভ দিহিং পাটকাই আন্দোলনলৈ বলিউডৰ সমৰ্থন

Sentinel Digital Desk

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইকো ক্লাবৰ দ্বাৰা আৰম্ভ কৰা ছেভ দিহিং পাটকাই আন্দোলনলৈ বলিউডৰ সমৰ্থন

দিহিং পাটকাই বৰ্ষাৰণ্যক কয়লা খননৰ পৰা ৰক্ষা কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইকো ক্লাবে 'মই প্ৰকৃতি' নামৰ এক অনলাইন আন্দোলন আৰম্ভ কৰিছে । এই অনলাইন আন্দোলনে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। বহু বিশিষ্ট ব্যক্তিও এই সমস্যা সমাধানৰ উদ্দেশ্যে আগবাঢ়ি আহিছে । এই আন্দোলনলৈ সমৰ্থন আগবঢ়াই বলিউডৰ অভিনেতা ৰণদ্বীপ হুডাই এটা টুইট কৰিছে ৷ টুইটটোত অভিনেতাজনে কয়, '' এমাজন অৱ দা ইষ্ট নামেৰে জনাজাত দিহিং পাটকাই বৰ্ষাৰণ্য হাতী , মেকুৰী আদিৰ বসতিস্থল। অসমৰ এই প্ৰসিদ্ধ ঠাইখনত চৰকাৰে কয়লা খনন কৰিব বিচাৰিছে। জৈৱ বৈচিত্ৰ্যতা কিমান গুৰুত্বপূৰ্ণ এয়া জানিবলৈ ক'ৱিড-১৯ ৰ দৰে আৰু আন মহামাৰীৰ প্ৰয়োজন আছে নেকি "।

বলিউডৰ অভিনেত্ৰী দিয়া মিৰ্জায়ো দিহিং পাটকাইত কয়লা খননৰ বিৰুদ্ধে মাত মাতিছে । তেওঁ এই কয়লা খননৰ বিৰোধিতা কৰি টুইট কৰিছে। তেওঁ ফৰেষ্ট মেন অৱ ইণ্ডিয়া যাদৱ পায়েঙক উদাহৰণ স্বৰূপে লৈ #Savedehingpatkai এটা টুইট কৰে ।

এই সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাৰ উপ সভাপতি লক্ষ্যজিৎ দাসে কয়, " আমি এই ক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পাৰো যদিহে টূইটাৰত #saveDehingPatkai ৰ হেছটেক শীৰ্ষক ৰাখিব পাৰো। আশা কৰো জনতাই এই সমস্যাটো অনুধাৱন কৰিব "।

মই প্ৰকৃতিয়ে , তেজপুৰ বিশ্ববিদ্যালয় , ডিব্ৰুগড় বিশ্ববিদ্যালয় , কটন বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ লগত লগ লাগি আন এক পদক্ষেপ গ্ৰহণ কৰে । তেওঁলোকে #SaveDehingPatkai হেজটেক ব্যৱহাৰ কৰি টুইটাৰত আলোড়নৰ সৃষ্টি কৰিব বিচাৰে। এই পদক্ষেপ অতি সফল হয় কিয়নো টুইটাৰত এই হেছটেক নম্বৰ ১ ত আছিল ।