ৰাজ্যিক বাতৰি

মঙলদৈত কাহিলিপুৱা আৰক্ষীৰ গুলিত সন্দেহযুক্ত ডকাইত নিহত

Sentinel Digital Desk

মঙলদৈত কাহিলিপুৱা আৰক্ষীৰ গুলিত সন্দেহযুক্ত ডকাইত নিহত

ক'ৰ'না মহামাৰীৰ আতংকৰ মাজতে মঙলবাৰে কাহিলিপুৱা মঙলদৈত আৰক্ষীৰ গুলিত এজন সন্দেহযুক্ত ডকাইত নিহত হয়।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চোৰাংচোৰাৰ এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে আজি পুৱতি নিশা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলা অঞ্চলত অভিযান চলায়। অৱশেষত আৰক্ষীয়ে শাকতোলা দলঙৰ ওচৰত সন্দেহজনকভাবে বিচৰণ কৰি থকা এটা চাৰিজনীয়া দলক ঘেৰাও কৰি ধৰে। তেতিয়া চাৰিজনীয়া দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰে। ইয়াৰ প্ৰত্যুত্তৰ আৰক্ষীয়ে গুলিৰে দিয়াত দুয়োপক্ষৰ মাজত কিছুসময় ধৰি গুলিৰ বিনিময় ঘটে। অৱশেষত আৰক্ষীৰ গুলিত দলটোৰ এজনৰ মৃত্যু হয়। অৱশ্যে আন তিনিজনে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে ধৰাশায়ী ডকাইতজনৰ মৃতদেহ উদ্ধাৰ কৰি মঙলদৈ হাস্পতাললৈ প্ৰেৰণ কৰিছে।