ৰাজ্যিক বাতৰি

জি২০: বিত্ত কৰ্মগোটৰ এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুতৰ মনস্থ

বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা গীতু যোশীয়ে কয় যে এছ এফ ডব্লিউ জিয়ে এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰাৰ মনস্থ কৰিছে

Sentinel Digital Desk

গুৱাহাটীঃ বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা গীতু যোশীয়ে কয় যে এছ এফ ডব্লিউ জিয়ে বৰ্তমানৰ সামৰ্থ্য গঠনমূলক কাৰ্য্যকলাপ চিনাক্তকৰণ আৰু বিশ্লেষণ আৰু বৰ্তমানৰ বহনক্ষম বিত্তীয় দক্ষতাৰ ব্যৱধান চিনাক্তকৰণকে ধৰি এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰাৰ মনস্থ কৰিছে। "আমি সকলোৱে অৱগত যে জি-২০ হৈছে বিশ্বৰ ১৯ খন বৃহত্তম অৰ্থনীতিৰ লগতে ইউৰোপীয় সংঘৰ এটা গোট। জি-২০ত দুটা ট্ৰেক আছে শ্বেৰ্পা ট্ৰেক আৰু ফাইনেন্স ট্ৰেক। ফাইনেন্স ট্ৰেকৰ অধীনত থকা ছটা ৱৰ্কিং গ্ৰুপৰ ভিতৰত এছ এফ ডব্লিউ জি অন্যতম।" ২০২১ চনত ইটালীৰ ৰাষ্ট্ৰপতিত্বৰ অধীনত শেহতীয়াকৈ গঠন হোৱা গোটসমূহৰ ভিতৰত অন্যতম হৈছে বহনক্ষম বিত্ত কৰ্মগোট।

ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল কাৰণ দ্ৰুতগতিত ক্ষয়িষ্ণু হৈ অহা সম্পদসমূহৰ সৈতে মোকাবিলা কৰাৰ ভয়াৱহ প্ৰয়োজনীয়তা আৰু প্ৰকৃতি আৰু সমাজৰ ওপৰত অৰ্থনৈতিক বৃদ্ধিৰ ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ বাবে আছে।'তেওঁ এনেদৰে মন্তব্য কৰে।