ৰাজ্যিক বাতৰি

টেলিকম সেৱা বন্ধ কৰি দিয়া হৈছে বৰাক উপত্যকাত : ৰাজ্যিক গৃহ বিভাগ

Sentinel Digital Desk

বৰাক উপত্যকাত দুটা দলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত বৰ্তমানেও অব্যাহত আছে চেপা উত্তেজনা। অনাগত ২৪ ঘন্টালৈকে বৰাক উপত্যকাত টেলিকম সুবিধা বন্ধ কৰি দিয়া হৈছে । ৰাজ্যিক গৃহ বিভাগে অস্থায়ী ভাবে টেলিকম সেৱা বাতিল কৰাৰ নিৰ্দেশ দিছে।

হাইলাকান্দিৰ ঘটনাৰ সংক্ৰান্তত সমাজ বিৰোধী গোট সমূহে যাতে কোনো অপবাদ সম্প্ৰসাৰণ কৰিব নোৱাৰে আৰু ইন্টাৰনেট আৰু ছছিয়েল মেডিয়াৰ যোগেদি যাতে নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰশাসনে এই পদক্ষেপে গ্ৰহণ কৰিছে। সূত্ৰয়ে প্ৰকাশ কৰা মতে কিছুমান অপ শক্তিয়ে হাইলাকান্দি ৰ লগতে বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু কাছাৰত ইন্টাৰনেট সেৱা আৰু ছছিয়েল মেডিয়াৰ যোগেদি গোষ্ঠীগত সংঘৰ্ষৰ বিষবাস্প বিয়পাইছে। লগতে হিংসাত্মক কাৰ্যত উদগনি যোগোৱা ব্যক্তিক আইনী ব্যৱস্থা গ্ৰহণ কৰি শান্তি প্ৰদান কৰা হব ।

দুটা দলৰ মাজত হোৱা ভয়াবহ সংঘৰ্ষৰ ফলত বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে ।জিলা খনত শুকুৰবাৰে সন্ধিয়াৰ পৰা ১২ মেৰ সন্ধিয়া ৭ বজালৈকে সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাজপথত নামাজ পঢ়াক কেন্দ্ৰ কৰি এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

হাইলাকান্দিৰ মছজিদৰ সমিপত সংঘটিত এই ঘটনাত কেইজনো আৰক্ষী বিষয়া সহ প্ৰায় ১৫ জন লোক গুৰুত্ব ভাবে আহত হৈছে । লগতে বহুতো দোকান, ঘৰৰ লগতে মটৰ চাইকেল আৰু গাড়ীও ভাঙি লণ্ড-ভণ্ড কৰে ।জিলাখনৰ স্পৰ্শকাতৰ অঞ্চল সমূহত চি আৰ পি এফ আৰু আচাম ৰাইফলৰ নিৰাপত্তা ৰক্ষীক মোতায়েন কৰা হৈছে । পৰিষ্ঠিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা বাহিনীক প্ৰশাসনে সহায় কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি