ৰাজ্যিক বাতৰি

ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধিঃ ধেমাজিৰ গোগামুখত সম্পূৰ্ণ ল'কডাউন আৰোপ

Sentinel Digital Desk

গুৱাহাটীৰ দৰে ধেমাজিৰ গোগামুখত সম্পূৰ্ণ তলাবন্ধ বা ল'ক-ডাউন আৰোপ কৰা হৈছে। গোগামুখত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত প্ৰশাসনে সম্পূৰ্ণ লক-ডাউন আৰোপ কৰিছে। প্ৰশাসনৰ তথ্য অনুসৰি অহা ১০ জুলাইলৈকে গোগামুখত এই লক-ডাউন বলবত থাকিব। লক্ষ্যণীয়ে যে শেহতীয়াভাবে ৰাজ্যৰ একাধিক জিলাত উদ্বেগজনকভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। কালি যোৰহাটত ১৭ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়।