ৰাজ্যিক বাতৰি

ওদালগুৰি জিলাৰ টংলাস্থিত পশ্চিম হাঁহিনী গাঁৱৰ পথৰ দুৰৱস্থাত হাৰাশাস্তিৰ সন্মুখীন গাঁৱবাসী

Sentinel Digital Desk

ওদালগুৰি জিলাৰ টংলাস্থিত পশ্চিম হাহিনী গাঁৱৰ পথৰ দুৰৱস্থাই বিপদত পেলাইছে যাত্ৰীসকলক৷ সম্প্ৰতি পথটোৰ দুৰৱস্থাৰ সন্দৰ্ভত বড়োলেণ্ড টেৰিট’ৰিয়েল পৰিষদ আৰু ৰাজ্য চৰকাৰক অৱগত কৰোৱা হৈছে ৷ বড়োলেণ্ডৰ এই পথটো হৈছে পানেৰীৰ লগতে কাষৰীয়া গাঁৱৰ বাসিন্দাসকলৰ যাতায়তৰ একমাত্ৰ পথ ৷

ইফালে বাৰিষা আহিলেই এই পথটো বিভিন্ন জাবৰ জোঁথৰে ভৰি পৰে ৷ টংলাৰ পৰা ৪ কিলোমিটাৰ দূৰত্ত্বত অৱস্থিত এই পথটোৱে জন প্ৰতিনিধিসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই ৷ অন্যহাতে সম্প্ৰতি পথৰ দুৰৱস্থাই লোকসকলক হাৰাশাস্তিৰ সন্মুখীন কৰাইছে ৷ স্থানীয় লোকসকলৰ ছাত্ৰ ছাত্ৰীসকল সম্প্ৰতি বিদ্যালয়লৈ অহা যোৱা কৰোতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

কেৱল যে ছাত্ৰ ছাত্ৰীসকলেই অসুবিধাৰ সন্মুখীন হৈছে এনে নহয় গাঁৱখনৰ ব্যৱসায়ীসকলে উৎপাদিত সামগ্ৰীৰ কাষৰীয়া বজাৰত বিক্ৰী কৰিবলৈ নিয়াত বহুত অসুবিধাৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে দীৰ্ঘসময় ধৰি পথটোক মেৰামতি কৰিবলৈ ৰাজ্য চৰকাৰ আৰু বড়োলেণ্ড টেৰিট’ৰিয়েল পৰিষদক আহ্বান কৰিছে ৷কিন্তু বিগত এটা দশক ধৰি এই সম্পৰ্কত জন প্ৰতিনিধিসকলৰ কোনো প্ৰতিক্ৰিয়া লক্ষ্য কৰা নাই গাঁৱবাসীয়ে ৷

কনকসেন ডেকা নামৰ এজন লোকে কয় যে বিধায়ক,সাংসদ অথবা বিটীচিৰ কোনো সদস্যই এই গাওঁখনলৈ যোৱা নাই ৷ নিৰ্বাচনত জয় লাভ কৰাৰ পিছত প্ৰতিনিধিসকলে কেতিয়াও গাঁৱখন পৰিদৰ্শন কৰিবলৈ যোৱা নাই ৷ গাঁৱখনৰ বাসিন্দা ৰতন ডেকাই কয় যে আমাৰ ল’ৰা ছোৱালীয়ৰ বিদ্যালয়লৈ যাবলৈ বহু অসুবিধাৰ সন্মুখীন হৈছে । উল্লেখ্য যে সদ্যহতে গাঁৱবাসীয়ে পথটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু বিটীছিক অনতি পলমে পদক্ষেপ ল’বলৈ আহ্বান কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি