ৰাজ্যিক বাতৰি

গোসাঁইগাঁৱত অপহৰণ কৰি নি গাড়ীচালকক হত্যাঃ চাৰিজন গ্ৰেপ্তাৰ

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত এটা চাৰিজনীয়া দলে এজন গাড়ীচালকক অপহৰণ কৰি নি হত্যা কৰাৰ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। হত্যাকাণ্ডৰ বলি গাড়ীচলকজন হ'ল গোসাঁইগাঁও নগৰৰ ৪নম্বৰ ৱাৰ্ডৰ জয়নগৰৰ নিৱাসী আখতাৰ হুছেইন খানৰ পুত্ৰ আমিনুল হুছিইন খান(৩৫)।ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। গাড়ী চলাই জীৱন নিৰ্বাহ কৰা আমিনুলৰ গাড়ীখন যোৱা ৯ জুনত এজন যুৱকে ভাৰালৈ নিয়ে। তাৰ পাছতে ৰহস্যজনকভাবে সন্ধানহীন হয়। আনহাতে, এজন অজ্ঞাত যুৱকে কৰা ফোনৰ আঁত ধৰি আমিনুলৰ পিতৃয়ে হাব্ৰুবিলস্থিত আৰ এন বি হাস্পতালৰ পৰা আমিনুলৰ গাড়ীখন উদ্ধাৰ কৰে। তাৰ পাছতে তেওঁ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে৷

ইপিনে, অপহৰণকাৰীয়ে আমিনুলৰ পৰিয়ালক ফোন কৰি ১৫ লাখ টকা দাবী কৰে৷ পৰিয়ালৰ লোকে এই ধন দিবলৈ অপাৰগতা প্ৰকাশ কৰাত দুয়োপক্ষৰ মাজত চাৰি লাখ টকাত বন্দোৱস্তি হয়৷ সেই অনুসৰি পৰিয়ালৰ লোকে টকাৰ ব্যৱস্থা কৰি থকাৰ সময়তে আৰক্ষীয়ে চাৰিজন যুৱকক আটক কৰি জেৰা কৰাত অপহৰণৰ কথা স্বীকাৰ কৰে আৰু যুৱকজনক হত্যা কৰে বুলি প্ৰকাশ কৰে৷

মঙলবাৰে আৰক্ষীয়ে ধৃত দুই যুৱকক লগত লৈ কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত পৰ্বতঝোৰা বনাঞ্চলত অভিযান চলাই হাবিৰ মাজৰ পৰা উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে। ধৃত যুৱককেইজনক কাজিগাঁও থানাৰ অন্তৰ্গত মাগুৰমাৰী গাঁৱৰ অক্ষয় ছাংমা, বগৰিবাৰী থানাৰ অন্তৰ্গত মাটিয়াধল গাঁৱৰ ছৌল মাৰাক, কপিল ব্ৰহ্ম আৰু সুনীল বসুমতাৰী৷ যুৱককেইজনৰ পৰা এটা ৭.৬৫ এম এম পিস্তল উদ্ধাৰ কৰে৷ ধৃত যুৱককেইজনক কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মাগুৰমাৰী গাঁৱৰ অক্ষয় ছাংমা, বগৰিবাৰী থানাৰ অন্তৰ্গত মাটিয়াধল গাঁৱৰ ছৌল মাৰাক, কপিল ব্ৰহ্ম আৰু সুনীল বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে৷ যুৱককেইজনৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল উদ্ধাৰ কৰে৷