ৰাজ্যিক বাতৰি

অসম নাট্য সন্মিলনৰ পাণ্ডুলিপি লিখন কৰ্মশালাৰ সামৰণি

Sentinel Digital Desk

নতুন নাট্যকাৰ সৃষ্টিৰ মানসৰে অসম নাট্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিয়ে মালিগাওঁস্থিত ৰূপকোৱঁৰ জ্যোতি সংঘৰ সহযোগত যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ মালিগাওঁস্থিত ৰূপকোৱঁৰ জ্যোতি সংঘত এক আৱাসিক পাণ্ডুলিপি লিখন কৰ্মশালা আয়োজিত হয়। উক্ত কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত সমল ব‍্যক্তি হিচাবে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক,অভিনেতা যথাক্ৰমে সেৱাব্ৰত বৰুৱাৰ, কিশোৰ তহবিলদাৰ, মৃণাল কুমাৰ বৰা, অৰূপ বৰঠাকুৰ, হিমাংশু প্ৰসাদ দাস আৰু মুকাভিনয় শিল্পী মিনাংক ডেকাই । প্ৰতিদিনেই অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে। কৰ্মশালাত শিশু নাটৰ পাণ্ডুলিপি ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। প্ৰশিক্ষণৰ অন্তত সভাপতিয়ে প্ৰশিক্ষাৰ্থী সকললৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰে।

কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকল হ'ল ক্ৰমে সৌৰভ চহৰীয়া,নিখিল কুমাৰ নাথ, বিতোপন বৰুৱা, নবজ্যোতি খাণ্ডাধৰা, বিদ্যুত ডেকা, প্ৰজন্মা চহৰীয়া, ভূমিপ্ৰসাদ বৰুৱা, অলিপ্ৰিয়া বৰা, চাদিদ জামান, জ্যোতি বৰ্মন, বনানী শৰ্মা, দ্বিগবিজয়া তামুলী, প্ৰিয়ম আদিত্য, অনুৰাগ নাথ, পম্পি কলিতা, সুদৰ্শন বৰুৱা, প্ৰণৱ ভৰালী, বিদ্যুত বিকাশ শৰ্মা ঠাকুৰ, বেদান্ত বৰা, সুকুমাৰ নাথ, অজিত সিংহ, জিন্তি বৰা তালুকদাৰ, দিপক শৰ্মা, সুৰুয জ্যোতি দাস। কৰ্মশালাটিৰ আহ্বায়ক আছিল সন্মিলনৰ উপ সভাপতি বসন্ত বৰ্মন আৰু বিত্তীয় উপ সমিতিৰ সম্পাদক ভূপেন চন্দ্ৰ ডেকা । সন্মিলনৰ প্ৰধান সম্পাদকে জানিবলৈ দিয়া মতে আগন্তুক দিনবোৰতো এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে।