ৰাজ্যিক বাতৰি

অসম নাট্য সন্মিলনৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস

Sentinel Digital Desk

যোৱা বৃহস্পতিবাৰে লক্ষীমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত সোৱনশিৰীত অসম নাট্য সন্মিলনৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় ভাৱে পালন কৰা হয় ।এই অনুষ্ঠানৰ লগতে ব্ৰজনাথ শৰ্মা মেমৰিয়েলৰ অনুষ্ঠানটিও আয়োজন কৰে । দুয়োটা অনুষ্ঠান লক্ষীমপুৰ জিলা কমিটি,সোৱনশিৰী ইউনিট,তৰংগা নাট্য গোষ্ঠীয়ে,অনুষ্ঠান খনৰ আৰম্ভণিতে লক্ষীমপুৰ জিলা কমিটিৰ অধক্ষ্য বিপিন কুমাৰ বড়াই পতাকা উত্তোলন কৰে আৰি স্মৃতি তৰ্পনত সভাপতি জয়ন্ত শইকীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।অনুষ্ঠানত কবি সুকুমাৰ ফুকনৰ এখন কিতাপ 'সংকল্প' প্ৰকাশ কৰে,কিতাপ খনৰ সম্পাদনা কৰে প্ৰশান্ত কুমাৰ চুতীয়া ।