ৰাজ্যিক বাতৰি

অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী দিৱস পালন

Sentinel Digital Desk

বৃহস্পতিবাৰে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সঞ্চালকালয়ৰ উদ্যোগত পানীখাইতিস্থিত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস পালন কৰা হয় ৷ সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ৷

অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ লগত জড়িত প্ৰত্যেকজন কৰ্মীলৈ এই দিৱস উপলক্ষে শুভেচ্চা জ্ঞাপন কৰে। লগতে কৰ্মীসকলে আগবঢ়াই অহা নিষ্ঠা আৰু একাগ্ৰতাৰ শলাগ লয় ৷ সমাজত সংঘটিত সকলো অসামাজিক কামত বিৰুদ্ধে গৃহৰক্ষী বাহিনীৰ কৰ্মীসকলে সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰে মুখ্য সচিবজনে ৷

সভাখনত উপস্থিত থাকি অসামৰিক প্ৰতিৰক্ষা বাহিনী আৰু গৃহৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই কয় যে চৰকাৰে প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী বাহিনীসকলৰ কাৰণে উপযুক্ত ব্যৱস্থা কৰিব ৷ উল্লেখ্য যে এই অনুষ্ঠানতে অসামৰিক প্ৰতিৰক্ষা সেৱাত উপযুক্ত সেৱা আগবঢ়োৱাৰ কাৰণে উপ সঞ্চালক লক্ষীৰাম বৰদলৈ,চিটিআইৰ অধ্যক্ষ নৱজ্যোতি বৰাক বিশেষ মেডেল প্ৰদান কৰা হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি