ৰাজ্যিক বাতৰি

আগন্তক বাৰিষাৰ প্ৰাকমুহুৰ্তত ল’ব লগা সাৱধানতাৰ সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠক

Sentinel Digital Desk

বাৰিষা সমাগত ৷ আগন্তক বাৰিষাৰ সময়ত সন্মুখীন হ’ব পৰা যিকোনো পৰিস্থিতিৰ লগত মোকামিলা কৰিবলৈ ধুবুৰী জিলাৰ উচ্চ বিষয়ববীয়া আৰু ল’ৱাৰ আসাম ডিভিজনৰ কমিশ্যনাৰ মিনাক্ষী সুন্দৰমৰ উপস্থিতিত বুধবাৰে উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখন বৈঠক আয়োজিত হয় ৷ বৈঠকখনত ধুবুৰীৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী ,আৰক্ষী অধীক্ষক যুৱৰাজ সিং,শীৰ্ষ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলো উপস্থিত থাকে ৷

ইফালে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত নয়নজ্যেোতি ভগৱতীয়ে ধুবুৰী জিলাৰ দুযোৰ্গ প্ৰশমন বিভাগৰ দ্বাৰা বানপানী,উদ্ধাৰ,আদি বিভিন্ন পৰিকল্পনাৰ সন্দৰ্ভত মন্তব্য কৰে ৷ অন্যহাতে,এচডিআৰএফ, জল সম্পদ বিভাগ,স্বাস্থ্য আৰু খাদ্য আৰু সমাজ কল্যান বিভাগৰ সহিতে বিভিন্ন বিভাগে বানপানীকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণৰ জীৱন সম্পত্তি ৰক্ষা কৰাৰ সন্দৰ্ভত কিছুমান আঁচনিৰ কথা উল্লেখ কৰে ৷

লগতে মীনাক্ষী সুন্দৰমে বিষয়ববীয়াসকলক এনআৰচিৰ তৈয়াৰীৰ ক্ষেত্ৰত সৰ্বোচ্চ প্ৰাথমিকতা দিবলৈ কয় আৰু জিলাখনত এনআৰচি সম্পৰ্কিত কাম কাজত সন্তুষ্টি ব্যক্ত কৰে ৷ উল্লেখ্য যে,নামনি অসম ডিভিজনৰ কমিশ্যনাৰে উৰিষ্যা চৰকাৰৰ দৰে বানপানীত আক্ৰান্ত লোকসকলৰ কাৰণে এক পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে । বৃহস্পতিবাৰে এই মন্তব্য কৰে জিলা সূচনা তথা জনসম্পৰ্কৰক্ষী বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি