ৰাজ্যিক বাতৰি

আপোনাৰ বাহনখনৰ অনুজ্ঞাপত্ৰত সাল সলনি পৰিবহন বিভাগৰ

Sentinel Digital Desk

সমগ্ৰ দেশত পৰিবহন বিভাগৰ দ্বাৰা জাৰি কৰা এক নিয়ম অনুসৰি বাহনৰ ড্ৰাইভিং লাইচেন্স,প্ৰমাণ পত্ৰৰ ৰং,ৰূপ আদি একে হ’ব। এই প্ৰক্ৰিয়া প্ৰথম বাৰৰ কাৰনে বিগত বৰ্ষত ১৪ অক্টোবৰত আৰম্ভ হৈছিল ৷ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাই পথ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছিল ৷ৰাজ্যৰ পৰিবহন বিভাগৰ এটি বিশেষ সূত্ৰৰ তথ্য আনুসৰি সকলো ৰাজ্যই সমানভাৱে এই অধিসূচনা পালন কৰাতো অনিবাৰ্য আছিল ৷

এক বিশেষ সূত্ৰৰ মতে,ৰাজ্যৰ লগত এই কাৰ্ডসমূহৰ অতিৰিক্ত সুবিধা চিপ আৰু নিয়েৰ ফিল্ড কমিউনিকেশ্যন স্থাপন কৰিবলৈ বিকল্প সুবিধা আছে । কেন্দ্ৰৰ দাবী যে এই চিপ সমূহক ড্ৰাইভাৰ আৰু বাহনৰ তথ্যসমূহ ১০ বছৰলৈ সক্ৰিয় কৰি ৰখা ক্ষমতা থাকিব লাগিব ৷ এই নতুন পৰিৱৰ্তন লগত পূৰ্বতে উলংঘন কৰা নিয়ম সমূহ গোপন কৰা অসম্ভৱ হ’ব , কাৰণ নতুন নথি সমূহত এটি কিউআৰ ক’ড থাকিব ৷ আৰু এই ক’ডৰ জৰিয়তে কেন্দ্ৰীয় আনলাইন ডিভাইচত ড্ৰাইভাৰ অথবা বাহনৰ পূৰ্বৰ তথ্যসমূহ উপলব্ধ হোৱাত সহায় হ’ব ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি