ৰাজ্যিক বাতৰি

আবকাৰী বিভাগৰ তদন্তত জব্দ বৃহৎ সংখ্যক সুৰা

Sentinel Digital Desk

কামৰূপৰ আবকাৰী বিভাগে বুধবাৰে শুক্লেশ্বৰ ঘাটত এক ষ্টিং অপাৰেশ্যনৰ জৰিয়তে এক বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আবকাৰী বিভাগে প্ৰায় ৪৫০ লিটাৰ সুৰা জব্দ কৰাৰ লগতে এই সক্ৰান্তত চাৰিজন লোকক আটক কৰে ৷আবকাৰী বিভাগে এক্সচাইজ ইন্টেলিজেন্স ব্যুৰোৰ লগত মালীগাঁওস্থিত মিঠাৰাম,আদিনগিৰী, চেগুনবাৰীত এক যৌথ অভিযান চলায়।

এই অভিযানত ১০০ লিটাৰ সুৰা জব্দ কৰে ৷ইয়াৰোপৰি আবকাৰী দলটোৱে বামুনীমৈদাম আৰু গোপাল নগৰৰ বিভিন্ন ঠাইত সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷আৰু সুৰা বিক্ৰী কৰা দোকানসমূহ নষ্ট কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি