ৰাজ্যিক বাতৰি

আলফা স্বাধীনলৈ পুনৰ দুজন অসমীয়া কিশোৰ

Sentinel Digital Desk

অসমত ক্ৰমাৎ বৃদ্ধি পাইছে আলফা স্বাধীনৰ সাংগঠনিক ভেটি মজবুট কৰা কাৰ্য্যকলাপ। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত ৰাজ্যত অতি কৌশলগত ভাবে চলিছে নতুন সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া। চলিত বৰ্ষত এজন এজনকৈ বহুকেইজন অসমীয়া কিশোৰ আৰু যুৱক আলফাৰ স্বাধীনতা সংগ্ৰামখনলৈ ঢাপলি মেলিছে।উজনি অসমৰ কেইখনমান জিলাত আলফাৰ বিভিন্ন কাৰ্য্যকলাপ আৰু নতুন সদস্য ভৰ্তিৰ প্ৰক্ৰিয়াই গতিশীলতা লাভ কৰিছে।

পুনৰ আলফা স্বাধীনলৈ ঢাপলি মেলিলে তিনিচুকীয়া জিলাৰ দুই কিশোৰে। তিনিচুকীয়া জিলাৰ পেঙেৰী অঞ্চলৰ এক নং নলনী গাঁৱৰ দুই কিশোৰে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ ঘনীভূত হৈছে। চাৰি ডিচেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে দুয়োজন কিশোৰ, যিহেতু বহুদিন ধৰি সন্ধান হীন হৈ থকা বহু যুৱকে পিছত আলফাত যোগদান কৰা বুলি প্ৰকাশ পায় আহিছে তালৈ লক্ষ্য কৰি সন্ধান হীন হৈ থকা এই যুৱক দুজনো একপ্ৰকাৰ আলফাত যোগদান কৰাটো নিশ্চিত হৈছে। অসমৰ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ সময়ত আলফা স্বাধীনৰ ১২ জনীয়া দল এটাই জিলাখনৰ বিভিন্ন অঞ্চলত ৰাইজক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই গোপনে সদস্যভূক্তিৰ কাম-কাজ কৰিছিল তাতে আগ্ৰহী হৈ সন্ধানহীন হৈ থকা যুৱক দুজন আলফাত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে। দুয়োজন কিশোৰকে পৰিয়ালৰ লোকে ঘৰলৈ উভতি অহাৰ বাবে আহ্বান জনাইছে।

ইতিমধ্যে তিনিচুকীয়া জিলাত বৰ্তমানেও আলফাই সদস্য ভূক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা বৰ্তমানলৈ ৫০ জনতকৈও অধিক যুৱক আৰু কিশোৰে আলফাত যোগদান কৰিছে। বহুকেইজন উচ্চ শিক্ষিত যুৱকো আলফাৰ প্ৰতি আকৰ্ষিত হৈ নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিছে। দুমাহমান আগতে পংকজ প্ৰতীম দত্ত নামৰ সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ প্ৰতিনিধি জনেও আলফাত যোগদান কৰিছে আৰু ছোচিয়েল মিডিয়াৰ যোগেৰে হাত্যত উদ্দ্যত মাৰণাস্ত্ৰ লৈ ভিডিঅ আপলোড কৰি যুৱক সকলক আলফাত যোগদান কৰাৰ বাবে আহ্বান কৰিছে।

কিছুদিন আগতে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাতি মুন্না বৰুৱায়ো আলফাত যোগদান কৰিছে। ইলেকট্ৰনিক্স বিভাগৰ অভিযন্তা মুন্না বৰুৱাই ডিগবৈৰ তেল সোধানগৰত কৰ্মৰত আছিল। ডিব্ৰুগড়ৰ অভিজিত গগৈ নামৰ আন এজন উচ্চ শিক্ষিত যুৱকো ম্যানমাৰত থকা আলফাৰ বিদ্ৰোহী সেনা শিবিৰত যোগদান কৰিছে। অভিজিত গগৈয়ে আমেৰিকাত কম্পিউটাৰ অভিযন্তা হিচাপে কাম কৰি আছিল। ৰাজ্যত বিজেপি শাসনৰ সময় ছোৱাত আলফালৈ নতুন নতুন যুৱক আৰু কিশোৰে যোগদান কৰা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। মূলত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ কেন্দ্ৰীক বিতৰ্কৰ বাবে বহু যুৱক আলফাৰ প্ৰতি নতুনকৈ আগ্ৰহী হোৱা বুলি ধাৰণা কৰা হৈছে। উজনি অসমৰ চাহ বাগিছাত ইতিমধ্যে আলফাৰ দ্বাৰা ধন দাবী অব্যাহত আছে। আলফাই ৫ লাখ টকাৰ পৰা ২ কৌটি টকালৈ ধন দাবী কৰা পত্ৰ উদ্ধাৰ হৈছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি