ৰাজ্যিক বাতৰি

ইন্টাৰনেটে লুটিলে এগৰাগী মহিলাক

Sentinel Digital Desk

দেশত ক্ৰমে বৃদ্ধি পাই আহিছে ইন্টাৰনেট কেন্দ্ৰিক অপৰাধৰ সংখ্যা। প্ৰায়ে উপভোক্তাক বিভিন্ন ভূৱা উপধৌকন দেখুৱাই দুষ্ট চক্ৰই লুটি আহিছে লাখ লাখ টকা। এইবাৰ এনে এক ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পানবজাৰৰ এগৰাকী মহিলাৰ সৈতে। অনন্যা লাহিৰী নামৰ পানবজাৰ নিবাসী মহিলা গৰাকীৰ পৰা ইন্টাৰনেটৰ যোগেৰে দুষ্ট চক্ৰই লুটি নিলে বুজন পৰিমানৰ ধন।

ঘটনাৰ বিবৰণী অনুসৰি মহিলা গৰাকীয়ে ৰাতিপুৱা নিজৰ মোবাইল ফোনত তিনিটা বাৰ্তা পাই আৰু নিজৰ বেংকৰ একাউন্টৰ পৰা ৫০০০০ টকা কোনোবাই উলিয়াই নিয়া খবৰ লাভ কৰি আচৰিত হৈ পৰে। ৰাজস্থানৰ জয়পুৰৰ পৰা এই টকা খিনি উলিওৱাৰ তথ্য পোৱা গৈছে। ভূক্তভোগী মহিলা গৰাকীয়ে বেংকলৈ গৈ একাউন্টৰ সবিশেষ তথ্য বিছাৰোতে জয়পুৰৰ পৰা কোনোবাই তেওঁৰ একাউন্টৰ পৰা তিনিবাৰত সৰ্বমুঠ ৭৬৮০০ টকা উলিয়াই নিয়াৰ তথ্য লাভ কৰে। মহিলা গৰাকীয়ে আৰক্ষী থানাত ৮৫২/১৮ নম্বৰত এই ভূৱা চক্ৰৰ বিপক্ষে এটা গোচৰ দাখিল কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি