ৰাজ্যিক বাতৰি

উদালগুৰিত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন

Sentinel Digital Desk

উদালগুৰিৰ বিধায়ক ৰিহন দৈমাৰীয়ে হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰে আৰু সহযোগ প্ৰদান কৰে বিটিচিৰ বক্তা ত্ৰিদিপ দৈমাৰী আৰু অনুষ্ঠানত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে।প্লাষ্টিক বেগ নাইবা পলিথিন ব্যৱহাৰ যে স্বাস্থ্যৰ বাবে অনুপযোগী সেই বিষয়েও মত ব্যক্ত কৰিলে বিধায়ক গৰাকীয়ে।ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ বাবে স্বচ্ছতা মূলক কাৰ্য্যসূচীৰ আয়োজন কৰাৰ কথা সদৰী কৰিলে তেওঁ।

ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলৰ সঠিক পাঠদানৰ বাবে দৈমৰীয়ে শিক্ষক সকলৰ লগতে আলাপ-আলোচনাতো বহে।বিদ্যালয় খনৰ বিষয় শিক্ষক ৰঞ্জন দহাল,উপাধ্যক্ষ তুলেশ্বৰ সন্তামী,অধ্যক্ষ শিমচন দৈমাৰীয়ে ল'ৰা-ছোৱালীৰ বাবে সুকীয়াকৈ জিৰনি কোঠা,শৌচালয় আদি প্ৰয়োজনীয় কথাৰ বিষয়ে বিধায়ক গৰাকীক অৱগত কৰে।দৈমাৰীয়ে বিদ্যালয় খনত আন্তঃগাঠঁনি নিৰ্মান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষক।বিদ্যালয় খনৰ প্ৰতি লক্ষ্য ৰাখি ভিন্ন পদক্ষেপ গ্ৰহন কৰি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক ৰিহন দৈমাৰীয়ে।