ৰাজ্যিক বাতৰি

উদ্দেশ্য পূৰণ কৰাত ব্যৰ্থ হৈছে উন্নয়ন পৰিষদ

Sentinel Digital Desk

কংগ্ৰেছ চৰকাৰৰ দিনত গঠিত ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত উন্নয়ন পৰিষদ বগা হাতীত পৰিনত হৈছে । বৰ্তমানৰ দিছপুৰে ৩৩ টা উন্নয়ন পৰিষদৰ বাজেত বন্ধ কৰি থোৱাৰ বাবে বিভিন্ন উন্নয়ন মূলক আচনি ৰূপায়ণত বাধা আহি পৰিছে । ২০১১ চনত কংগ্ৰেছে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে এই উন্নয়ন পৰিষদ সমুহ গঠন কৰা হৈছিল । কিন্তু পিছলৈ এই পৰিষদ সমুহ কিছুমান ৰাজনৈতিক নেতাৰ পূৰ্নবাসনাৰ কেন্দ্ৰ হৈ পৰে ।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰ খনে উন্নয়ন পৰিষদৰ বাবে ২ কোটিৰ পৰা ৫ কোটিলৈকে আবন্টন দিছিল । কিন্তু এই আবন্টিত ধন সমূহ অপব্যৱহাৰ কৰাৰ লগতে কিছু নেতায়ে নিজৰহে উন্নয়ন কৰিছে বুলি প্ৰকাশ কৰে ।

ৰাজ্য চৰকাৰে বৰ্তমান এই উন্নয়ন পৰিষদ সমুহৰ কাম কাজৰ পৰ্যালোচনা কৰে। পৰিষদৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু পিছপৰা জাতিৰ বাবে থকা আচনি সমূহৰ ৰূপায়ণৰ ব্যবস্থা কৰাৰ কথা প্ৰকাশ কৰিছে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে বৰ্তমানৰ বিজেপি চৰকাৰ খনে এই উন্নয়ন পৰিষদ সমুহ কিছু ৰাজনৈতিক নেতাৰ পূৰ্নবাসনাৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিছে । সেয়েহে এই পৰিষদ সমুহৰ কিছূ সুসজ্জিত তথা সংশোধনৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি