ৰাজ্যিক বাতৰি

এজেৱাইপিয়ে দাহ কৰে সোণোৱাল আৰু শিলাদিত্যৰ প্ৰতিমূৰ্ত্তি

Sentinel Digital Desk

উত্তৰ লক্ষীমপুৰৰ আঞ্চলিক সংগঠন অসম জাতীয়তাবাদী যুৱ পৰিষদে(এজেৱাইপি) বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্ত্তি দাহ কৰে ।

ইয়াৰোপৰি অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্ত্তিও দাহ কৰে । বিজেপি বিধায়ক শিলাদিত্য দেৱে প্ৰায় সকলো সময়তে কোনো সংবেদশীল উত্তেজনামুলক ভাষ্য ব্যক্ত কৰাৰ ফলত ৰাজ্য খনৰ আইন-শৃংখলা অৱনমিত হৈ আহিছে । আনহাতে,সৰ্বানন্দ সোণোৱালে শিলাদিত্যৰ এই কাৰ্য-কলাপৰ বিৰুদ্ধে কোনো মত প্ৰদান কৰা নাই। আৰু তেওঁলোকৰ এই সংগঠনে বিধায়ক গৰাকীক সকিয়নি প্ৰদানো কৰিছে । বিধায়ক গৰাকীয়ে আৰু এনে ধৰনৰ অশোচনীয় ভাষ্য প্ৰদান কৰাৰ পূৰ্বে সংগঠণটোৱে মুখ্যমন্ত্ৰী সোণোৱালক অতি সোনকালে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰে যাতে ৰাজ্য খনত শান্তিময় পৰিৱেশ বিৰাজ কৰি থাকে ।