ৰাজ্যিক বাতৰি

কংগ্ৰেছ দলক কটাক্ষ বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ

Sentinel Digital Desk

সোমবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে মতবিনিময় কৰি বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে কংগ্ৰেছে আপত্তিৰ সন্দৰ্ভত অভিযোগ কৰিছে ৷ যি আপত্তি শুনানিত অন্তৰ্ভূক্ত নহয় । লগতে তেওঁলোকে দাবী আপত্তি কৰা লোকসকল উপস্থিত নথকাত, দলটোৱে এনআৰচিৰ প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু আৰএচএচ জৰিত থকাৰ অভিযোগ কৰিছে ৷ এই কথাটোক ভাৰতীয় জনতা পাৰ্টিয়ে তীব্ৰ গৰিহনা দিয়ে বুলিও উল্লেখ কৰে বিজেপিৰ মুখপাত্ৰ জনে ৷

লগতে কয় যে, এনআৰচিৰ সমগ্ৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধনাত চলি আছে ৷ যেতিয়াই বাংলাদেশীৰ প্ৰসংগ আহে তেতিয়াই শংকিত হৈ পৰে কংগ্ৰেছ দল ৷ তেওঁলোকৰ কথাত স্পষ্ট প্ৰমাণ হয় যে তেওঁলোক বাংলাদেশীৰ পক্ষত থিয় হৈছে ৷ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে এখন শুদ্ধ এনআৰচি হোৱাটো বিচাৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শপত গ্ৰহণ কৰিয়ে প্ৰথম এনআৰচি কাৰ্যালয়ত উপস্থিত হৈছিল ৷ মুখ্যমন্ত্ৰী অহৰহ প্ৰচেষ্টাই এনআৰচিৰ প্ৰক্ৰিয়াক আগুৱাই নিয়ে বুলিও উল্লেখ কৰে ৰূপম গোস্বামীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি