ৰাজ্যিক বাতৰি

থলুৱা ধানৰ বীজ সংৰক্ষণৰ বাবে যুৱ কৃষক মহান বৰালৈ কেন্দ্ৰীয় চৰকাৰৰ বঁটা

Sentinel Digital Desk

থলুৱা ধানৰ বীজ সংৰক্ষণৰে ৰাজ্যলৈ এজন অসম সন্তানে কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান । অসমৰ পৰম্পৰাগত থলুৱা ধানৰ বীজ সংৰক্ষণৰ সৈতে বিগত বহু বছৰ ধৰি জড়িত হৈ থকা যোৰহাটৰ যুৱ কৃষক মহান চন্দ্ৰ বৰাক সন্মানিত কৰিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ে যুৱ কৃষক বৰাক , "প্লাট জেনম চেভিয়'ৰ ফাৰ্মাৰ্চ " বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় |

যোৰহাটৰ মেলেং কাঠ গাঁওৰ মহান বৰাক মাৰ্চ মাহৰ প্ৰথম সপ্তাহত নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কল্যান মন্ত্ৰী ৰাধা মোহন সিঙে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব । নতুন দিল্লীৰ মেলা গ্ৰাউণ্ডৰ আই এ আৰ আই পুছা চৌহদত অহা ৫-৭ মাৰ্চলৈ অনুষ্ঠিত হবলগীয়া কৃষি উন্নতি মেলাৰ অনুষ্ঠানতে তেওঁক এই বঁটা প্ৰদান কৰিব ।

ইতিমধ্যে কেন্দ্ৰীয় দপ্তৰটোৰ পঞ্জীয়ক ৰৱি প্ৰকাশে পত্ৰযোগে বঁটা প্ৰাপক বৰাক অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছে ।কেন্দ্ৰীয় চৰকাৰে বৃক্ষৰ জেনেটিক সম্পদৰ গৱেষণামূলক কাম কৰা লোকক প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে । উল্লেখযোগ্য যে প্ৰায় আঢ়ৈশ থলুৱা ধানৰ বীজ সংৰক্ষণৰ কামত ব্ৰতী হৈ আছে কৃষক মহান বৰা| অসমৰ কৃষক মহান বৰাৰ লগতে পৰম্পৰাগত ঔষধি গছৰ সংৰক্ষণৰ কামত বিগত সময়ছোৱাত জড়িত হৈ থকা লখিমপুৰৰ বিহপুৰীয়াৰ ড' প্ৰবীন শইকীয়াকো এই বঁটাৰ বাবে বাচনি কৰা হৈছে ।