ৰাজ্যিক বাতৰি

কোকৰাঝাৰত এনডিএফবিৰ এজন কেডাৰক আটক

Sentinel Digital Desk

কোনো গোপন সূত্ৰ জৰিয়তে পোৱা তথ্যানুসৰি যোৱা মঙলবাৰে কোকৰাঝাৰ আৰক্ষী আৰু ১২ শিখলীৰ আৰ্মী বেটেলিয়ানৰ যুটীয়া অভিযানত ম্যানমাৰৰ প্ৰশিক্ষন প্ৰাপ্ত এনডিএফবিৰ কেডাৰ এজনক আটক কৰিবলৈ সক্ষম হয় ।

অভিযানৰ সময়ত অভিযানৰ দলটোৱে এজন সন্দেহযুক্ত এজন লোকক দেখা পাই তেওঁক ওচৰলৈ মাতে যদিও পলাবলৈ চেষ্টা কৰে কিন্তু পিছলৈ লোক জনক আটক কৰিবলৈ সক্ষম হয়।ব্যক্তি জনৰ পৰা,মেগজিনৰ সৈতে এটা পিষ্টল,দুই ৰাউণ্ড সজীৱ গুলী,দুটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেট,এটা ম'বাইল আৰু এটা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আটক কৰা কেডাৰ জন হৈছে কোকৰাঝাৰ জিলাৰ আঠিয়াবাৰীৰ গিবৰু ব্ৰহ্মাৰ পুত্ৰ ফনটম ব্ৰহ্মা,ফনটন ব্ৰহ্মা ম্যানমাৰৰ প্ৰশিক্ষনপ্ৰাপ্ত ২৪নং গোটৰ কেডাৰ বুলি জানিব পৰা গৈছে ।