ৰাজ্যিক বাতৰি

খাদ্যত বিষক্ৰিয়াৰ ফলত ৫০জন লোক হাস্পাতালত ভৰ্ত্তি

Sentinel Digital Desk

যোৱা শনিবাৰে উদালগুৰি জিলাত শিশু মহিলাসহ প্ৰায় ৫০জন লোকৰ খাদ্যত বিষক্ৰিয়া হৈ পেনেৰী প্ৰাথমিক হাস্পতালত ভৰ্ত্তি কৰোৱা হয়।জানিব পৰা মতে,শুক্ৰবাৰে নিশা পূৱ পেনেৰী বিষ্ণু মন্দিৰৰ নাম-প্ৰসংগৰ প্ৰসাদ গ্ৰহন কৰাৰ পিছতে মানুহ ঢলি পৰে।মূৰঘূৰণি আৰু বমি হোৱাৰ ফলত হাস্পতালত চিকিৎসাৰ বাবে ভৰ্ত্তি কৰোৱা হয়।ছাত্ৰ ইউনিয়নৰ সদস্যসকল আৰু স্থানীয় বহু সংখ্যক লোকে ঘটনাটোৰ পৰিস্থিতি বুজ লবলৈ চিকিৎসা কেন্দ্ৰত উপস্থিত হয়,তেতিয়া লক্ষী প্ৰিয়া লহকৰ নামৰ ভুক্তভোগীয়ে মত প্ৰকাশ কৰে যে,ভগবানৰ নামত অৰ্পন কৰা প্ৰসাদ গ্ৰহন কৰাৰ পিছত তেওঁৰ ল'ৰা-ছোৱালীৰ মূৰঘূৰণি আৰু বমি হয়।

সংকটজনক অৱস্থাত থকা ৰোগী সকলক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰন কৰা হয়,এই কথা সদৰী কৰে আয়ূৰ্বেদিক চিকিৎসক সন্তোষ সিং যাদবে।