ৰাজ্যিক বাতৰি

গুৰুজনাৰ একান্ত সেৱক, নামলগোৱা, সূত্ৰধাৰ কিৰণ কলিতাৰ বিয়োগ

Sentinel Digital Desk

নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটবৰ্তী নসত্ৰ নিবাসী কিৰন কলিতাৰ যোৱা ৯ নবেম্বৰৰ নিশা মৃত্যু হয়। ৮৩ বছৰীয়া কলিতা যোৱা কিছুদিন ধৰি মধুমেহ আৰু হাপানী ৰেগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।গুৰুজনাৰ একান্ত সেৱক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষী আঞ্চলিকৰ একাধাৰে সুদক্ষ নামলগোৱা, সূত্ৰধাৰ, মেধি, পাঠক, দেউৰী কিৰন কলিতাৰ বিয়োগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক উমা হাজৰিকা, আইলক্ষী আঞ্চলিকৰ সভাপতি চেনাৰাম ডেকা, সম্পাদক দীপাংকৰ বৰদলৈ প্ৰমুখ্যে আইমাতৃ, বাপ বান্ধৱ, বটদ্ৰৱা থান পৰিচালনা সমিতি, ডাঃ অজিত ভূঞাকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত কিৰন কলিতাই পত্নী, দুই পুত্ৰ, এগৰাকী জীয়ৰী সহ ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।