ৰাজ্যিক বাতৰি

গুৰুজনাৰ তিৰোভাৱ তিথিত বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা ল'লে প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই

Sentinel Digital Desk

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত উপস্থিত হৈ সেৱা ল'লে মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সহিতে তেওঁৰ পত্নী তথা বিশিষ্ট সাহিত্যিক জয়শ্ৰী গোস্বামী মহন্তই। দুপৰীয়া বটদ্ৰৱা থানত পত্নীসহ উপস্থিত হৈ প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীয়ে কীৰ্তন ঘৰত প্ৰৱেশ কৰি সেৱা, নৈবেদ্য আগবঢ়োৱাৰ লগতে ভক্তৰ শাৰীত বহি নাম কীৰ্তনতো ভাগ লয়। ইয়াৰ পিছতে প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। থানখনৰ বিভিন্ন দিশ সন্দৰ্ভতো পৰিচালনা সমিতিৰে এক আলোচনাত মিলিত হয় প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকী।