ৰাজ্যিক বাতৰি

গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সদৌ অসম সাংবাদিক সন্থাৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী

Sentinel Digital Desk

ৰাজ্যত ইজনৰ পাছত সিজন সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ জনাই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে।

এই কাৰ্যসূচীত বিভিন্ন জন সাংবাদিকৰ লগতে জেষ্ঠ সাংবাদিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইনে অংশগ্ৰহন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩ গৰাকীকৈ সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্য জুৰী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তিনিচুকীয়া, নলবাৰীৰ পাছত যোৰহাটতো জেষ্ঠ সাংবাদিকক আক্ৰমণৰ কৰা ঘটনাত প্ৰতিবাদ জনাইছে সদৌ অসম সাংবাদিক সন্থায়ে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি