এপিএচ কেলেংকাৰী বিষয়া কবিতা দাসক গুৱাহাটীলৈ অানি কাহিলীপাৰাৰ এছ বিত ডিব্ৰুগড় আৰক্ষীয়ে জেৰা কৰে।দুলীয়াজানত নিশা গ্ৰেপ্তাৰ কৰা হৈছিল ডি এছ পি তথা এ পি এস কেলেংকাৰী কবিতা দাসক।৯দিন ধৰি কৰ্মক্ষেত্ৰত উপস্থিত নথকা কবিতা দাস ১৯সংখ্যক আই আৰ বিনত ডি এছ পি হিচাপে কৰ্মৰত আছিল।কবিতা দাসক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী দিগন্ত শইকীয়াৰ বিৰুদ্ধে।২৫মে'ত কাহিলীপাৰাত এ পি এছ বিষয়া গৰাকীৰ হস্তাক্ষৰ লোৱাৰ পিছতে কবিতা দাসক গ্ৰেপ্তাৰ কৰা হয়।