ৰাজ্যিক বাতৰি

গোলাঘাটত পুনৰ ভয়ংকৰ বানৰ আশংকা

Sentinel Digital Desk

গোলাঘাটৰ বানৰ সংহাৰী ৰূপে পুনৰ শংকাত পেলাইছে গোলাঘাটবাসীক।উল্লেখযোগ্য যে ৬ আগষ্টৰ পৰা .২৫ ছেণ্টিমিটাৰ খুলি থোৱা হৈছে এখন ৰেডিয়েল গে’ট,সেয়ে পুনৰ নিপকোৱে দৈয়াং জলবিদ্যুত্‍ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলা খনৰ লোক শংকিত হৈ পৰিছে। আজি পুৱা ১০.১৫ বজাত দুখনকৈ ৰেডিয়েল গে’টেৰে পানী এৰি দিলে নিপকোৱে। স্পিলিং লেভেল অতিক্ৰম কৰাৰ বাবে দুয়োখন গে’ট ৫০ ছেণ্টিমিটাৰকৈ খুলি দিয়া হ'য় বুলি গোলাঘাট জিলা প্ৰশাসনক জনালে নিপকো কৰ্তৃপক্ষই। সেয়ে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান কৰে জিলা প্ৰসাসনৰ।