ৰাজ্যিক বাতৰি

গোলাঘাটৰ বিদ্যুৎৰ কাৰ্য্যালয় ঘেৰাও ছাত্ৰ মুক্তিৰ

Sentinel Digital Desk

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লক্ষীবাৰী আঞ্চলিক সমিতিয়ে বৃহস্পতিবাৰে গোলাঘাট মহকুমাৰ বিদুৎ বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰি লক্ষীবাৰী অঞ্চলৰ যিবোৰ গাওঁ এতিয়াও অন্ধকাৰত আছে তাত বিদ্যুৎৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে।প্ৰায় ২০০জন প্ৰতিবাদকাৰীয়ে কাৰ্য্যালয় ঘেৰাও কৰি ৰাজ্য চৰকাৰ,বিদ্যুৎ বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰন সম্পাদক বিদ্যুত শইকীয়াই প্ৰতিবাদত ভাগ লৈ মোডীৰ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে যি সময়ত নৰেন্দ্ৰ মোডীয়ে ডিজিটেল ইন্দিয়াৰ কয় থকা সময়তে গোলাঘাট জিলাৰ বহুত গাওঁ এতিয়াও অন্ধকাৰত আছে।ছাত্ৰ মুক্তিৰ প্ৰতিবাদকাৰীৰ দাবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি গোলাঘাট মহকুমাৰ অতিৰিক্ত মুখ্য প্ৰৱন্ধক পল্লৱ বৰাই কয় যে যিমান সোনকালে পাৰে গাওঁ সমূহত বিদ্যুৎৰ ব্যৱস্থা কৰা হব।