ৰাজ্যিক বাতৰি

গ্ৰেণ্ড মেজিষ্টী হোটেলৰ মালিক নেকিবুৰ জামানৰ আত্মসমৰ্পণ

Sentinel Digital Desk

মহানগৰৰ হাতিগাওঁস্থিত হোটেল গ্ৰেণ্ড মেজিষ্টী হোটেলত অয়'ৰ যুৱতী কৰ্মচাৰীক হোটেল খনৰ মালিক নেকিবুৰ জামানে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল । এই ঘটনা সংঘটিত হোৱাৰ পাছতে কৰ্মচাৰী সকলে নুৰজামাল চৰকাৰৰ পুত্ৰ নেকিবুৰ জামানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

বৃহস্পতি বাৰে বৈশিষ্ট থানাত নেকিবুৰ জামানে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰাৰ পিছত চিজিএম কোৰ্টত হাজিৰ কৰোৱা হৈছিল তাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় নেকিবুৰ জামানক । পূৰ্বতে এই ঘটনাৰ লগত জড়িত ৩ জন ব্যক্তিক আটক কৰিছিল আৰক্ষীয়ে ।

নেকিবুৰ জামানে হোটেল খনৰ যুৱতী কৰ্মচাৰীক মাৰ-ধৰ কৰিছিল। ঘটনাৰ সংক্ৰান্তত কৰ্মচাৰীয়ে হাতিগাওঁ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। আই পি চি ধাৰা 289/19U/S 448/ 354/509 নং গোচৰ ৰুজু কৰা হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি