ৰাজ্যিক বাতৰি

চাহ নিলামত কেজিত ৩৯,০০১ টকা সংগ্ৰহেৰে বিশ্ব অভিলেখ অসমৰ মনোহাৰী চাহৰ

Sentinel Digital Desk

গুৱাহাটীস্থিত চাহ নিলাম কেন্দ্ৰত অনুস্থিত হোৱা চাহ নিলামত অসমৰ ডিব্ৰুগড় জিলাৰ ৰাজন লোহিয়া মালিকাধীন মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গোল্ড চাহে কেজিত ৩৯,০০১ টকা সংগ্ৰহেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।২ কিলো মনোহাৰী চাহ ক্ৰয় কৰে সৌৰভ চাহ ট্ৰেডাৰচে।এই ২ কিলো মনোহাৰী চাহ উৎপাদন কৰোতে ২০ দিন সময় প্ৰয়োজন হয়।এতিয়া সমগ্ৰ দেশৰ ভিতৰতে দামী চাহ হিচাপে পৰিগনিত হল।