ৰাজ্যিক বাতৰি

অনিয়মীয়া পানী যোগান আচনিৰ বিৰুদ্ধে চি পি আই (এম) প্ৰতিবাদ

Sentinel Digital Desk

পানী যোগান অনিয়মীয়া বাবে মহানগৰত হাৰাশাস্তি ভূগিব লগা হৈছে মহানগৰ বাসীয়ে । বিশেষকৈ বস্তি এলেকাত খোৱা পানীৰ অভাব। তাৰে প্ৰতিবাদত চি পি আই এমে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । পানী যোগানৰ স্থায়ী ব্যবস্থাৰ দাবী জনাইছে চি পি আই এমে ।

চি পি আই এমৰ গুৱাহাটী শাখাৰ সভাপতি কাশ্যপ চৌধৰীয়ে পানী সমস্যাৰ কথা প্ৰকাশ কৰাৰ লগতে চি বি আইৰ তদন্তৰ দাবী কৰিছে। অনিয়মীয়া পানী যোগান ব্যৱস্থাৰ ওপৰত তদন্ত কৰিব লাগে আৰু চৰকাৰে পানী যোগান আচনিয়ে ঢুকি নোপোৱা অঞ্চলত পানী যোগান ধৰিব লাগে বুলি প্ৰকাশ কৰে । লগতে সভাপতি চৌধৰীয়ে দাবী উত্থাপন কৰে যে প্ৰত্যেক পৰিয়ালে ২০ হাজাৰ লিটাৰ পানী বিনামূল্যে লাভ কৰিব লাগে । বিশেষকৈ বস্তি এলেকাত খোৱা পানী ৰ যোগানৰ লগতে অঞ্চলতো উন্নয়নৰ ক্ষেত্ৰত বিভাগীয় কতৃপক্ষয়ে ব্যবস্থা গ্ৰহণ কৰিব লাগে ।

গুৱাহাটীত খোৱাপানী আচনিৰ কাম অতিশ্ৰীঘ্ৰে সমাপ্ত কৰা, মাহিলী নূন্যতম ২০ হাজাৰ লিটাৰ পানী বিনামূলীয়াকৈ যোগান ধৰা আদিকে ধৰি কেইবাটাও দাবীৰে গুৱাহাটীৰ জিলা অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই এমে ।