ৰাজ্যিক বাতৰি

চৰাইদেও ৰাজপুখুৰী অসামৰিক হাস্পতালৰ আধাৰশিলা স্থাপন

Sentinel Digital Desk

যোৱা সোমবাৰে ৰাজাপুখুৰীৰ ১০০খন বিছনাযুক্ত অসমাৰিক হাস্পাতাল এখনৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।চৰাইদেও জিলা প্ৰশাসনে আয়োজন কৰা এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানত সোণাৰিৰ বুৰঞ্জীপ্ৰসিদ্ধ ৰাজাপুখুৰীৰ বিধায়ক আৰু ৰাজ্যিক বিদ্যুৎ মন্ত্ৰী তপন গগৈও উপস্থিত থাকে।গোটেই সভা খনত উপস্থিত থাকে জিলা উপায়ুক্ত বিএন ফুকন আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে।