যোৱা বুধবাৰে গুৱাহাটীৰ পৰা ৬০কিল'মিটাৰ দুৰত থকা ছয়গাঁওৰ ফলাফং গাঁওত ধান তথা কঠীয়া ৰোৱা উৎসৱ পালন কৰা হয়।এই উৎসৱত গাঁওবাসীয়ে ২১যোৰা বলধ গৰুৰে খেতিপথাৰত নাঙলৰে হাল বাই কঠীয়া ৰুৱে।তাৰ পিছত মহিলা সকলে প্ৰায় ২০বিঘা মাটিত ধানৰ কঠীয়া ৰুৱে।গাঁও খনৰ সভাপতি পৰেশ ৰাভাই মত প্ৰকাশ কৰে যে,প্ৰতি বছৰে এই কঠীয়া ৰোৱা উৎসৱ পালন কৰা হয় আৰু লগতে কয় যে এই ধান মাঘ বিহুৰ সময়ত ব্যৱহাৰ কৰা হয় আৰু বাকী থকা চাউল খিনি বজাৰত বিক্ৰীৰ বাবে ব্যৱহাৰ কৰে।বিক্ৰী কৰি পোৱা টকাৰে তেওঁলোকে তেওঁলোকৰ লগতে গাঁও খনৰ বিকাশৰ বাবে সহায়ক হয়।