ৰাজ্যিক বাতৰি

ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোনালী জয়ন্তীৰ সামৰনি

Sentinel Digital Desk

তীব্ৰ গতিত চলা প্ৰস্তুতিৰ পিছত গহপুৰৰ ১৯৬৭চনত স্থাপিত হোৱা ছয়দুৱাৰ মহাবিদ্যালয়ৰ ৫০বছৰীয়া সোনালী জয়ন্তী পালন কৰে । চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠান খন সামৰনি পৰিব ১ নবেম্বৰত ।বহু সংখ্যক বিকাশমুলক কাৰ্যসূচী আৰু শিক্ষাৰ কাৰ্যসূচী এই সোনালী জয়ন্তী বৰ্ষৰ অংশস্বৰূপ ।

প্ৰধান কাৰ্যসূচী সমূহৰ ভিতৰত পতাকা উত্তোলন,গছপুলি ৰোপন,নতুনকৈ নিৰ্মান কৰা মহাবিদ্যালয়ৰ অট্টালিকাৰ উদ্ধোধনী,স্মাৰক পত্ৰৰ লগতে অন্য কিতাপ মুকলি,এলুমিনি মিট,সাংস্কৃতিক শোভাযাত্ৰা,সাংস্কৃতিক সন্ধিয়া আদি ভিন্ন অনুষ্ঠান সমূহ অনুষ্ঠিত হয় ।

ইয়াৰোপৰি অনুষ্ঠান বহু কেইগৰাকী বিশিষ্ট ব্যক্তি অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দত্ত, ড° মৃদুল হাজৰিকা আৰু ৰঞ্জিত তামুলী, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য উপস্থিত থকাৰ লগতে সামৰনি অনুষ্ঠান গায়িকা জীনা ৰাজকুমাৰী আৰু অন্য বহু লোকে এই অনুষ্ঠানৰ অংশ গ্ৰহন কৰিব ।