যোৱা বৃহস্পতিবাৰে নিশা মৰিগাঁও জিলাৰ জাগীৰোডৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত (এছ ০১ডিএছ ৫২৯০) নম্বৰৰ পঞ্জীয়ন মাৰুতি চুজুকি ডিজাইৰ গাড়ী এখন দূৰ্ঘটনাপতিত হৈ দুজনকৈ লোকৰ মৃত্যু হয় । মৃত্যু হোৱা চিনাক্ত কৰা লোক দুজন ক্ৰমে সুজিত চন্দ্ৰা(৩৫) আৰু গাড়ী চালক বিৰেন্দ্ৰ শৰ্মা(২৮) । জানিব পৰা মতে গাড়ী খন নগাঁওৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ।