ৰাজ্যিক বাতৰি

জয়সাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজনকৈ মানৱ সৰবৰাহকাৰীক

Sentinel Digital Desk

যোৱা বৃহস্পতিবাৰে জয়সাগৰ আৰক্ষীয়ে ভিন্ন এলেকাৰ শিৱসাগৰ আৰু শিমলুগুৰিৰ পৰা আৰু তিনিজনকৈ মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।জয়সাগৰ আৰক্ষীৰ সহযোগত শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পি সোণোৱালৰ নেতৃত্বতত যোৱা এটা দলে শিমলুগুৰিৰ ওচৰৰ অনৈতিক কাৰ্য্যকলাপ চলি থকা এটা ঘাটি উৎখাত কৰে।ইয়াৰ লগতে দলটোৱে সেই ঠাইৰ পৰা দুজনী ছোৱালী উদ্ধাৰ কৰে।গ্ৰেপ্তাৰ কৰা কেইজন ক্ৰমে পূৰৱী ফুকন(শিমলুগুৰি),ৰিতুমনি গগৈ(বকটা) আৰু প্ৰনৱ গগৈ(জয়সাগৰ)।আৰক্ষীয়ে এই মানৱ সৰবৰাহকাৰীৰ দলৰ দুজন এজেণ্টকো গ্ৰেপ্তাৰ কৰে,যোৱা বুধবাৰে বেবী শইকীয়া আৰু দীপ বড়া নামত দুজনক গ্ৰেপ্তাৰ কৰি শিৱসাগৰ কাৰাগাৰলৈ পঠিয়াই আৰু পিছত এচিজেএম আদালতলৈ প্ৰেৰন কৰা হয়।