ডিব্ৰুগড় জিলা কাৰ্য দলৰ এক বিশেষ অভিযানত মিলন নগৰ জে লেনৰ সমীপত ১২বছৰীয়া কিশোৰী এগৰাকীক উদ্ধাৰ কৰে। কিশোৰী গৰাকী মিলেনজাৰচ ৰোডৰ ৩২হাউছ নম্বৰৰ ভাড়াত থকা মধুশ্ৰী দত্ত চৌধুৰীৰ ঘৰত কাম কৰিছিল । জানিব পৰা তথ্যানুসৰি,ডিডিটিএফ,শ্ৰমিক বিভাগ আৰু চাইল্ড লাইনৰ যুুটীয়া অভিযানত ২মাহ ধৰি কামত খটোৱাই থকা কিশোৰী গৰাকীক উদ্ধাৰ কৰে। আনহাতে,শ্ৰমিক বিভাগৰ লোকে চৌধুৰীক কোনো কাৰন দেখুওৱাবৰ বাবে জাননী প্ৰেৰন কৰিছে ।