ৰাজ্যিক বাতৰি

তিনি গড়ঁৰ খৰ্গ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Sentinel Digital Desk

নগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া জীৱন মৰাকৰ নেতৃত্বত চলা এক অভিযানত যোৱা সোমবাৰে তিনিজনকৈ চোৰাং ব্যৱসায়ীক আটক কৰে।চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাপাৰা এলেকাৰ পৰা গড়ৰ খৰ্গৰ সৈতে আটক কৰে লোককেইজনক।

আৰক্ষীৰ তথ্যানুসৰি,আটক কৰি চিনাক্ত কৰা লোক কেইজন ক্ৰমে,চামগুৰি আৰক্ষীৰ অন্তৰ্গত মহামাৰীৰ ফাজাত আলী,কানুৱামাৰীৰ আব্দুল কাদেৰ আৰু কছুৱাৰ আজিজুল হক। ইয়াৰ উপৰিও আৰক্ষীয়ে লোককেইজনৰ পৰা গড়ৰ খৰ্গ উদ্ধাৰ কৰে,জানিব পৰা মতে পৰবৰ্ত্তী সনয়ত গড়ৰ খৰ্গ বিক্ৰী কৰা সময়তে আৰক্ষীয়ে লোককেইজনক আটক কৰে।