ৰাজ্যিক বাতৰি

তিনিচুকীয়াত আৰম্ভ দ্বিতীয় গুণোৎসৱ

Sentinel Digital Desk

তিনিচুকীয়া জিলাত যোৱা বুধ বাৰৰ চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ২য় বাৰ্ষিক গুণোৎসৱৰ। জিলা খনৰ মুঠ ১,৪০০খন বিদ্যালয়ৰ দ্বিতীয় শ্ৰেনীৰ পৰা নৱম শ্ৰেনীৰ ১,২৭,৮৭৮ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে । মুঠ ৫১৯ জন বাহ্যিক মুল্যায়ক, ৫জন জ্যেষ্ঠ বিষয়া আইএএচ, আইপিএচ আৰু আইএফএচ ,১০৮গৰাকী সম্বনয়ক আৰু ১,৪০০নডাল শিক্ষকে গুণোৎসৱৰ মুল্যায়নৰ লগত জড়িত থাকিব ।

জিলা প্ৰশাসনে নৈ পৰীয়া এলেকা সমূহত যেনে শদিয়া,অমৰপুৰ আৰু লাইকাত বিশেষ ব্যৱস্থাপনাৰ আয়োজন কৰে য'ত বেলেগ বেলেগ বিভাগ সমূহে ভিন্ন ধৰনৰ সহায় আগবঢ়াইছে ।এচডিআৰএফ আগবঢ়াইছে লাইফ জেকেট,আইডব্লিউটিয়ে আগবঢ়াইছে নাঁৱ আৰু স্বাস্থ্য সেৱা সঞ্চালকে আগবঢ়াইছে ১০০বিধ মেডিকেল সামগ্ৰী । মুঠ ১,৪০০ বিদ্যালয়ৰ ভিতৰত ৪৭২ বিদ্যালয়ক নৱেম্বৰৰ ১ তাৰিখ,১,৪৭২খন আৰু ৪৫৬খন বিদ্যালয়ত ক্ৰমে নৱেম্বৰৰ ২ আৰু ৩ তাৰিখৰ দিনা খন পালন কৰা হ'ব ।