ৰাজ্যিক বাতৰি

তিনিচুকীয়াৰ কেহাং চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

Sentinel Digital Desk

তিনিচুকীয়াৰ কেহাং চাহ বাগিচাত বৃহস্পতিবাৰে সন্ধিয়া এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। বাগিচাখনত বনবিভাগে পতা এটা পিঞ্জৰাত বন্দী হয় নাহৰফুটুকীটো। বাগিচা কৰ্তৃপক্ষই জানিব দিয়া মতে বিগত দিন সমূহত বাগিচাখনত কেইবাটাও নাহৰ ফুটুকী বাঘে শ্ৰমিকসকলৰ মাজত অাতংক সৃষ্টি কৰি অাহিছিল। যাৰ ফলত বাগিচাৰ কৰ্তৃপক্ষই বন বিভাগক খবৰ দিয়াত বন বিভাগে এটা পিঞ্জৰা পাতিছিল বাগিচাখনত। অাৰু বৃহস্পতিবাৰে পিঞ্জৰাবদ্ধ হয় বাঘটো। বৰ্তমানে বন বিভাগে বাঘ নিশাই জয়পুৰ অভয়ৰাণ্যত এৰি দিয়ে।