ৰাজ্যিক বাতৰি

তোলনীয়া সন্তান তুলি লোৱাৰ ক্ষেত্ৰত সজাগতা শিৱিৰ আয়োজন

Sentinel Digital Desk

উদালগুৰি জিলাৰ অসামৰিক চিকিৎসালয়ত সাধাৰন মানুহৰ বাবে আনৰ শিশুক নিজৰ কৰি তুলি লোৱাৰ তথা সজাগতা সৃষ্টিৰ বাবে সভা অনুষ্ঠিত কৰা হয়।

উদালগুৰি জিলাৰ শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই শিশু তুলি লোৱা কাৰ্য্যই সমাজ খনত কিদৰে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ত মতামত প্ৰদান কৰিছে।

জ্যোষ্ঠ অধিবক্তা জয়ন্ত ব্ৰহ্মাই সমৱেত হোৱা লোক সকলক আনুষ্ঠানিক ভাৱে শিশু তুলি লোৱা আইন সংক্ৰান্তীয় তথ্য সমূহ আনুষ্ঠানিকভাৱে জনায়।

এই সজাগতা সভাখনৰ জৰিয়তে বৰ্তমান সময়ৰ অসুৰক্ষিত হৈ থকা শিশুসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কোনো নথি পত্ৰ নোহোৱালৈ শিশু তুলি লোৱাটো আইনমতে যে দণ্ডনীয় সেই বিষয়ত এই সজাগতা সভাত আলোচনা কৰা হয়।

সভাখনত উদালগুৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ এছ আৰ দে',উদালগুৰি অচি নাৰায়ন পতংগিয়া,বুদ্ধ বসুমতাৰী আৰু অন্যান্য সদস্য সকল উপস্থিত থাকে।ইয়াৰ উপৰিও সভা খনত গাঁওৰ গাওঁবুঢ়া,আশাকৰ্মী,গাওঁৰক্ষী বাহিনী সংগঠনেও অংশগ্ৰহন কৰে।