ৰাজ্যিক বাতৰি

দুগৰাকী মহিলা কৃষি উদ্যোক্তাত ৰাষ্ট্ৰীয় সন্মান প্ৰদান

Sentinel Digital Desk

হিমা দাস,ৰীমা দাস আৰু ভাগ্যৱতী কছাৰীৰ পিছত এইবাৰ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃষি ক্ষেত্ৰত সুনাম অৰ্জন কঢ়িয়াবলৈ সক্ষম হৈছে অসমৰ আন দুগৰাকী কৃষি উদ্যোক্তা তথা অসম কন্যা।দুয়োগৰাকী মহিলা খেতিয়কক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে । মহিলা দুগৰাকী ক্ৰমে যোৰহাট জিলাৰ পটীয়া গাঁৱৰ নৱনিতা দাস(৩৩) আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাই এলেকাৰ দুগৰাকী সন্তানৰ মাতৃ দিপীকা ৰাভা । কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে আনুষ্ঠানিক ভাৱে আয়োজন কৰা সভা খনত এই দুগৰাকী মহিলা খেতিয়কক কৃষি জগত খনৰ সফলতাৰ দিশত বটাঁ প্ৰদান কৰে ।