ৰাজ্যিক বাতৰি

দুজন আলফাৰ লগত জড়িত ব্যক্তিক আটক

Sentinel Digital Desk

ৰেড হৰ্ন ডিভিজনৰ এক অভিযানত পৰেশ বৰুৱাৰ কমতাপুৰ ইউনিট লিবাৰেচনৰ আলফাৰ লগত জড়িত দুজনকৈ সক্ৰিয় লিংকমেন ব্যক্তিক উদালগুৰি জিলাৰ হৰিশিঙা এলেকাৰ পৰা আটক কৰিবলৈ সক্ষম হয় । আটক কৰা ব্যক্তি দুজন হৈছে ক্ৰমে,বলেন ডেকা আৰু ডিম্বেশ্বৰ ডেকা । আটক কৰা লিংকমেন দুজনক হৰিশিঙা আৰক্ষী থানাত ৪৬/১৮ অন্তৰ্গত ১০/১৩ নম্বৰত ঘটনা পঞ্জীয়ন কৰা হয় ।