সমগ্র দেশৰ লগতে তৈল নগৰী দুলীয়াজানৰ বিভিন্ন ঠাইত শ্ৰী শ্ৰী গণেশ পূজা পালন কৰা হয় ।গণেশ পূজা উপলক্ষে ঠায়ে ঠায়ে নিশাৰ ভাগত পূজা কমিটি সমূহে বিভিন্ন ঠাইত স্থানীয় কণ কণ সাংস্কৃতিক দল সমূহে গীত নৃত্য পৰিবেশন কৰাৰ উপৰি আমন্ত্ৰিত শিল্পী সকলেও বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে । বাদ নপৰিল তৈল নগৰ দুলীয়াজানৰ কাষৰীয়া দুই নং ৰঙাজান বকুলনীত অনুষ্ঠিত কৰা গণেশ পূজাৰ স্থলীও ।উখল মাখন পৰিবেশৰ মাজত চলিল বিভিন্ন গীত নৃত্য প্ৰদৰ্শন ।