ৰাজ্যিক বাতৰি

দেশপ্ৰেমমূলক সংগীত প্ৰতিযোগিতা অনুষ্ঠান আয়োজিত

Sentinel Digital Desk

যোৱা সোমবাৰে কোকৰাঝাৰ কমাৰ্চ কলেজত কোকৰাঝাৰ জিলা প্ৰশাসনে ৭২সংখ্যক স্বাধীনতা দিৱস পালন কৰি আয়োজন কৰে দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাৰ এক সংগীতানুষ্ঠান।অনুষ্ঠান খন উদ্ধোধন কৰে কোকৰাঝাৰ জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই।অনুষ্ঠানত উপস্থিত থাকে এডিচিএছ প্ৰফুল্ল চন্দ্ৰ বৰ্মন,দিৱেশ্বৰ বড়া,এচি ভাৰত কোৱঁৰ,বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰশাদ ব্ৰহ্মা,ডিআইপিআৰঅ' গগন নাৰ্জাৰী,ভিন্ন স্কুল কলেজৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী।দেশপ্ৰেমমূলক এই সংগীত প্ৰতিযোগিতা অতি সুন্দৰ ভাৱে সম্পাদন হৈ যায়।