ৰাজ্যিক বাতৰি

দেশৰ দীৰ্ঘতম ভূপেন হাজৰিকা সেঁতুত বৰ্তমানেও বিদুৎৰ ব্যবস্থা নাই

Sentinel Digital Desk

দেশৰ দীৰ্ঘতম ভূপেন হাজৰিকা সেঁতু উদ্বোধন কৰা দুবছৰৰ পাছতো আজি পৰ্যন্ত বিদুৎৰ ব্যবস্থা কৰা হোৱা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল ঢলা শদিয়া দলং খন। ভাৰতৰ দীৰ্ঘতম আৰু এছিয়াৰ দ্বিতীয় দীৰ্ঘতম দলং ৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ।

ভূপেন হাজৰিকা সেঁতু উদ্বোধন কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰিছিল যে দলং বিদুৎৰ কাৰনে ৩০ কোটি অনলাইন ট্ৰেন্ডাৰ আৰু সৌৰ শক্তিৰ ব্যবস্থা কৰা হব । কিন্তু আজি পৰ্যন্ত দেশৰ দীৰ্ঘতম দলং খনত বিদুৎৰ ব্যবস্থা হোৱা নাই ।

এই দলং খন অসমৰ জনসাধাৰণৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । এই তিনি-লেন দলং খন ভূমিকম্প ৰোধ কৰিব পৰা ক্ষমতা আছে । এই দলং খনৰে অসম আৰু অৰুণাচল প্ৰদেশৰ ব্যৱসায়ৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । দলং খনত বিদুৎৰ ব্যবস্থা নথকাৰ বাবে বহুতো দুৰ্ঘটনা সংঘটিত হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি